১২

30 4 18
                                    

Hello
Thanks for support.
Please don't forget to follow me.

উদয়ৰ দৃষ্টিকোণ

ৰাতুলক মাতি মই ঘৰৰ পৰা অফিচলৈ বুলি ওলালো।আজি অচিম নাহে বাবে বাটত তাক উঠাবলৈ নৰ’লো। কাম বেছি নাই আজি। মাত্ৰ তিনিখন মিটিং আছে। বাকীবোৰ ইমান ইম্পৰ্টেণ্ট নহয়। প্লাৱনেই চাব পাৰিব। সেয়ে মই ৰাতিপুৱাৰ মিটং কেইখন শেষ কৰি ঘৰলৈ সোনকালে ঘূৰি অহাৰ উদ্দেশ্যে ঘৰৰ পৰা অলপ সোনকালেই ওলালো। আজি মোক এচিষ্ট কৰি দিবলৈ প্লাবনকে ক’ব লাগিব। তাৰ বাবে তাক টপিকবোৰ আগতিয়াকৈ বুজাই দিব লাগিব। তনয় অহাৰ কথাও তাক জনাব লাগিব। কথাবোৰ ভাবি থাকোতেই মোৰ গাড়ী অফিচ পালেহি। ৰাতুলে অফিচৰ মুখত গাড়ী ৰখাই দিয়াৰ লগে লগে চিকিউৰিটি দুদুলে মোৰ দুৱাৰ খুলি অভিনন্দন জনালে। মই প্ৰায়ে মোৰ প্ৰতিজন এম্প্লইৰে নাম জানো। কিন্তু সিহঁতক কোনোদিন প্ৰকাশ কৰি নেদেখাও। সেয়ে আজিও তাৰ অভিনন্দনত মই মাথোন মূৰ দুপিয়ালো। হাঁহি নেদেখালো। মোক কৰ্মচাৰি নিচিৰ বাদে আনসকলে মোৰ হাঁহি দেখা পোৱাই নাই চাগে। মোৰ কেবিনৰ মুখত নিচিৰ টেবুল। কেবিনত সোমোৱাৰ আগত তাইৰ অভিনন্দনৰ উত্তৰ দিয়া পাচত তাইক ক’লো

-প্লাৱনক মোৰ কেবিনলৈ আহিবলৈ দিবাচোন।

কিন্তু কেৱিনৰ ভিতৰত মোৰ বাবে আৰ্চয ৰৈ আছে। অচিমন মোৰ কেবিনত বহি থকা দেখি মই প্ৰথমে একো নক’লো। মোৰ চকু তাৰ ওপৰতে থৈ চাৰ্টৰ হাতৰ বুটামকেইটা খুলি হাতখন কোচাই ডিঙিৰ টাইডাল ধিলা কৰি মই মোৰ আসনত বহিলোগৈ। সি চকু তুলি মোলৈ চাই সেমেকা হাঁহি এটা মাৰি দেখুৱালে। মই তালৈ পোনে পোনে চাই সুধিলো

-তই আজি অহাৰ কথা নাছিল যে। মানে তই ক’ৰবালৈ যোৱাৰ কথা আছিল নহয় জানো?

-নহ’ল যোৱা৷

-কিয়?

-তাই মানা কৰি দিলে৷

-কিয়?

-তই যে কালি বুজালি। মিছাৰ আশ্ৰয় ল’ব নালাগে। সকলো সচাঁ হ’ব লাগে। সেইবাবে

-অ’। তই সকলো সচাঁ কৈ দিলি?

-মম। সকলো লিখি লগতে মোৰ আচল ফটো কেই খনমানৰ সৈতে ৱাটচাপ কৰি দিলো।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now