Please🙏 follow me😊
নক্ষত্ৰাৰ দৃষ্টিকোণ
মোৰ টিউচনৰ ল'ৰা-ছোৱালীকেইটাৰ মিডটাৰ্ম থকাৰ বাবে অভিভাৱকে এইকেইদিন সিহঁতৰ নিয়মিত চাই দিবলৈ অনুৰোধ কৰিলে। পৰীক্ষা থকাৰ বাবে ছাত্ৰসকলক অলপ বেছি সময় চাব লগিয়া হৈ পৰিল। প্ৰত্যেকৰে ঘৰলৈ গ’লে সময় কমি যায় বাবে অভিভাৱক সকলে এক সপ্তাহৰ বাবে মোক সকলোকে একেলগে চাই দিব পৰা ব্যৱস্থা কৰি দিলে। প্ৰথম দুদিন মোৰ ষ্টোডেণ্ট মাইনীৰ ঘৰতে সকলোকে পঢ়োৱাৰ ব্যৱস্থা হৈছিল। ৰাতিপুৱা ৫বজাৰ পৰাই টিউচনকেইটা আৰম্ভ কৰি দিও। তেতিয়াহে ৭ বজালৈকে দুঘণ্টা চাব পাৰিম। তাৰ পাচত যে মই কফি চপলৈ যাব লাগে। পাঁচদিনৰ আগতে চাহেদা বাইদেউ আৰু মামী চাজাদৰ ঘৰলৈ ফুৰিবলৈ গ’ল। চাহেদা আৰু চাজাদে যাতে এজনে আনজনক বুজিবলৈ সময় দিব পাৰে তাৰে বাবে চাজাদৰ মাকৰ এই নিমন্ত্ৰণ। মামীহঁত কেতিয়া ঘূৰিব এতিয়াও ঠিক হোৱাই নাই। মামীৰ অনুপস্থিতিত ফাতেমাক ৰাতিপুৱা অকলে এৰিব নোৱাৰাৰ বাবে টিউচনৰ সকলো ষ্টোডেণ্টকে ঘৰলৈকে মাতি দিলো। ৰাতিপুৱা ৪.৪৫ মানতে সিহঁত আটাইকেইটা মোৰ ঘৰত উপস্থিত হৈ যায়।
টিউচনকেইতাক ৭/৭.২০ মানত এৰি দিও। তাৰপাচত ফাতেমাক ৭.৩০ত স্কুল বাছত তুলি দি চিধা দৌৰ দিওঁ কফি চপলৈ। কাৰণ ৰাতিপুৱা ৮-১৫ বজাতে উদয় চাৰ আহি পায়ে যায় কফিচপৰ মুখ। দুদিন বাছ ধৰোঁতে দেৰি হোৱাত তেখেতক কপি চপৰ বাহিৰতে চপ খোলাৰ অপেক্ষাত থিয় হৈ থকা অৱস্থাত লগ পাইছিলোগৈ। ইমান ব্যস্ত মানুহৰ সময় মোৰ বাবে নষ্ট হলে বেয়া লাগে। যোৱা কালি ষ্টোডেণ্ট কেইটাৰ পৰীক্ষাবোৰ শেষ হোৱাৰ বাবে এক সপ্তাহলৈ টিউচনৰ পৰা চুটি। আজি সাতদিনৰ শেষত, উশাহ নোপোৱা ব্যস্ততাৰ সমাপ্ত হ’ল।
আজি টিউচন কেইটা নহাৰ বাবে মই ফাতেমাক অলপ সময় দিব পাৰিছো। সিহঁতৰ পৰীক্ষা শেষ হোৱাৰ বাবে একসপ্তাহলৈ কাৰো ওচৰলৈ যাবও নালাগে আৰু সিহঁতো নাহে। তাইৰ বাবে ফাতেমাৰ টিফিনটো আজি অলপ স্পেচিয়েল কৰি দিছো। স্কুলৰ পৰা আহি খাব পৰা তাইৰ খাদ্য হটকেজ এটাত ভৰাই তাইলৈ খাদ্য বাঢ়ি থাকোতে তাই সম্পূৰ্ণ স্কুল ইউনিফৰ্মত সাজো হৈ মোৰ কাষত বহিলেহি। মই তাইলৈ বঢ়া কাঁহীখন আগবঢ়াই দি তাইলৈ চাই মিচিকিয়া হাঁহি এটা মাৰিলো। তাই মোলৈ চাই নিৰ্জু হাঁহি এটা মাৰি সুধিলে
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanficWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...