Please follow me😊
উদয়ৰ দৃষ্টিকোণ
সন্মুখৰ টেবুলত নতুনকৈ যোগদান কৰা বেৰিষ্টা ল'ৰাজনে সজাই থৈ যোৱা গৰম এচপ্ৰেচো কাপটোলৈ চালো। কফি কাপত হাৰ্ট ডিজাইনটো নাই। এচপ্ৰেচোত হুঁহা এটা দি মোৰ মুখখন কোঁচ খাই আহিল। নক্ষত্ৰাই বনোৱা এপ্ৰেচো কাপৰ দৰে হোৱা নাই। তাইলৈ মনত পৰি আহিল। আজি চাৰি দিনেই হ'ল মই তাই বনোৱা কফি খাবলৈ পোৱা নাই। তিনিদিনৰ আগত নিচিক অৰ্দাৰ দিলত তাই এটা ল'ৰা মোৰ কফি তৈয়াৰ কৰিবলৈ এপইণ্ট কৰিলে। সকলোৱে সি বনোৱা কফি বৰ ভাল বুলি কৈছে কিন্তু কিয় যে মই নক্ষত্ৰাই বনোৱা কফিকাপৰ তুলনা সি বনোৱা কাপৰ লগত কৰিবই পৰা নাই। মোৰ জীভাই কেৱল নক্ষত্ৰাৰ দ্বাৰা তৈয়াৰ হোৱা এস্প্ৰেচো কাপ বিচাৰি ফুৰিছে। কথাটো মনলৈ অহা মাত্ৰে এই চাৰিদিনৰ কথাবোৰ চকুলৈ ভাঁহি আহিল। চাৰি দিনৰ আগতে সদায়ৰ দৰে মই মোৰ আসনত বহি নক্ষত্ৰাই দিয়া এপ্ৰেচো কাপ পি থাকোতে তাই সেই একে প্ৰশ্ন কৰিলে
- Sir anything else?
কথাটো সুধি তাই মোলৈ চাই মোৰ কাষত থিয় হৈ ৰৈছিল। দোকানত ভিৰ বৰ বেছি নাছিল। সেয়ে নিশ্চয় তাইৰ কাম কম আছিল। এই সুবিধাতে সাহস গোটাই মই সুধিম সুধিম বুলি ভাবি থকা কথাতো অৰ্থাৎ সদায় মনত লৈ থকা প্ৰশ্নটো সুধিয়ে পেলাইছিলো
- Yes. Offcourse. মোৰ হৈ কাম কৰা
- এচ্কিউজ মি চাৰ!
- মোৰ পাৰচনেল কফি মেকাৰৰ জব এটা তোমাক দিব বিচাৰো
- কিন্তু মই গ্ৰহণ কৰিব নোৱাৰিম
- বৰ্তমান চেলাৰিৰ তিনিগুণ দিম।
- তিনিগুণ! কিন্তু
- অঅ। বিনিময়ত তুমি কেৱল মোলৈ তিনিকাপ কফি বনাই দিলেই হ'ল।একাপ ঘৰত ৰাতিপুৱা ৬ বজাত, একাপ অফিচত ৰাতিপুৱা ৮ বজাত আৰু একাপ আবেলি।
- কিন্তু মই এনেকৈ গগৈ আণ্টীক এৰিব নোৱাৰো। তেখেতে মোৰ প্ৰয়োজনৰ সময়ত বহু সহায় কৰি থৈছে। তেখেতক চেলাৰীৰ বাবে এৰি বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ।
- নাই নাই। আজি মোক তুমি একো উত্তৰ দিব নালাগে। এক সপ্তাহ সময় দিলো। তাৰ পাচত উত্তৰ দিবা। তুমি ভাবি চোৱা। জানো তোমাৰ বাবে পইচাত কৈ কথাৰ মূল্য বেছি। কিন্তু মইও না শুনি ভাল নাপাও।
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...