উদয়ৰ দৃষ্টিকোণ
কফি চপ খনৰ ভিতৰলৈ সোমাবলৈ লওতেই দুৱাৰ মুখতে কোনোবাই মোৰ বুকুত খুন্দা এটা মাৰি দিলে। সেই খুন্দাত মধ্য বয়সৰ মহিলা এগৰাকী প্ৰায় পিছলৈ পৰি যাবলৈ লোৱা দেখি মই তেওঁক ককালত ধৰি নপৰাকৈ ৰাখিলো। মই তেখেতক ধৰি থাকি লাহেকে তেখেতৰ মুখমণ্ডললৈ চকু দিলো। এই কোনো মধ্যবয়সৰ মহিলা নহয়। মোৰ বাহুৰ মাজত সোমাই আছে আচল। তাই চকুকেইতা বন্ধ কৰি মাটিত পৰা আঘাট কমাবলৈ যত্ন কৰি আছে। তাইৰ ডাঙৰ ফ্ৰেমৰ চশমাৰ তলত চকুযোৰ লাহে লাহে মেলি মোৰ চকুত চকু থলে। মোক দেখা মাত্ৰে তিতা সুৱাদ পোৱাৰ দৰে তাই মোৰ পৰা আঁতৰি থিয় হল। তাৰ পাচত দুবাৰমান মূৰটো তল ওপৰ কৰি মোক ধন্যবাদ জনালে। তাইৰ আচৰণে মোক আনন্দ দিলে। সেয়ে তাইক আৰু অলপ জোকোঁৱাৰ ইচ্ছাৰে মই ক'লো
- তুমি ইমান পাতল যে! খোৱা বোৱা নকৰা নে কি?
- মোৰ ওজনত নাযাব। মই যথেষ্ট ষ্ট্ৰং।
- ষ্ট্ৰং! মোৰ দুটা আঙুলিৰে তোমাৰ গোটেইকেইডাল হাড় ভাঙী দিব পাৰিম মই।
মোৰ কথাত অস্বস্তি পাই তাই প্ৰথমে দুটা জাপ মাৰি তাইৰ ষ্ট্ৰংনেচৰ প্ৰমাণ দিলে মোক। তাৰপাচত হঠাৎ এটা ঘোচা মোৰ পেটত দি দিলে। মই নিয়মিত জীম কৰি থকা স্বত্ত্বেও তাইৰ ঘোচাই মোক আঘাট দিব পাৰিলে। মই অলপ বেকাঁ হৈ পৰিলো। তাকে দেখি তাই পুনৰ ক'লে
- সেইটো আপোনাৰ ভুল ধাৰণা। এতিয়া নিশ্চয় বুজিলে।
কথাষাৰ কৈ তাই হাতত লৈ অনা চাইন বৰ্ডখন আঁৰিবলৈ ধৰিলে। তাত দোকান বন্ধৰ সংকেত আছিল। তাকে দেখি মই প্লাবনলৈ চাই ক'লো
- আজি কফি খোৱাৰ ইচ্ছা পূৰণ নহ'ব কিজানি!
মোৰ কথাৰ প্লাবনে ৰিয়েক্ট কৰাৰ আগতেই আচলে ক'লে
এখন টেবুল খালি আছে। তাৰ পাচতহে আমি ক্লজ কৰিম।- আজি সোনকালে বন্ধ কৰিছা নে সদায় ইমান সময়তে কৰা।
- আজি সোনকালে। নহ'লে সন্ধ্যা ৯ বজালৈ আমাৰ দোকান খোলা থাকে।
কথাষাৰ কৈ তাই আমাক বাট দেখুৱাই দোকানৰ ভিতৰলৈ খালি টেবুলৰ দিশলৈ নিলে। আমি আসন গ্ৰহণ কৰি ইফালে সিফালে পৰিবেশটো চালো। প্ৰায়বোৰ টেবুলেই ষ্টোডেণ্ডেৰে ভৰা। সকলো কফি আৰু বাৰ্গাৰ খোৱাত মগ্ন। এনেতে হাতত কাগজ আৰু কলম লৈ আচল আমাৰ কাষত থিয় হল। তাই মোলৈ চাই প্ৰশ্ন কৰিলে
- কি দিম চাৰ
এনেতে মোৰ ফোনটো বাজি উঠিল। অচিমে কল বেক কৰিছে। সেয়ে মই প্লাবনলৈ চালো। সি মোৰ পচন্দ ভালদৰেই যানে। সেয়ে তাক অৰ্দাৰ দিবলৈ দি মই ফোনটো ৰিচিভ কৰিলোঁ। সি আচললৈ চাই ক'লে
- ককাইদেউৰ বাবে একাপ এস্প্ৰেসৌ, মোৰ বাবে একাপ লাটে আৰু দুটা চিকেন ৱাৰগাৰ।
- ১৫ মিনিট লাগিব।
- অ কে
- আৰু কিবা
তাই মোলৈ চাই থাকিয়ে প্ৰশ্নটো কৰিলে। কিন্তু অচিমে ফোনট যিবোৰ কথা কৈ আছে সেইয়া ইম্পৰ্টেণ্ট হোৱাৰ বাবে মই প্লাবনলৈকে চাই থাকিলো। সি তাইক ইমানেই বুলি বিদায় দিলে। তাই আঁতৰি যোৱাৰ পাচত মই প্লাবনক ক'লো
অচিমে ফোন কৰিছিলে। সি দুদিনমান চোটি বিচাৰিছে।
- হঠাৎ। তেখেত নৰমেলি চুটি নোলোৱা মানুহ। কিবা অসুবিধা নেকি?
- সি স্পষ্ট কোৱা নাই একো। সি মাত্ৰ দুদিনমান ক'ৰবালৈ যাব বাবে অফিচ নাহে বুলি ক'লে।
- অ'
- এইকেইদিন তাৰ কামখিনিও তুমি চাই দিব পাৰিবানে?
- পাৰিম। কিন্তু ককাইদেউ অহা মাহলৈ মোকো চুটি লাগিব। মোৰ পৰীক্ষা আছে।
- নিশ্চয়।
এনেতে আচলে এখন ট্ৰে লৈ আমাৰ কাষত থিয় হ'লহি। তাই সামগ্ৰি খিনি টেবুলত থৈ মিচিকিয়া হাঁহি এটা মাৰি আঁতৰি গ'ল। মই এস্প্ৰেসৌ কাপটোলৈ চালো। এটা সুন্দৰ হাৰ্ট চেফ বনুৱা আছে। দেখি ভাল লাগি গ'ল। মই এস্প্ৰেসৌটো তুলি মুখত দি আপ্লুট হৈ পৰিলো। ইমান সুস্বাদু এস্প্ৰেসৌ মই আগতে খোৱা মনতে নপৰিল। সাধাৰণতে মই দিনটোত দুকাপহে এস্প্ৰেসৌ খাও। কিন্তু আজি কি হল নাযানো মই একাপ শেষ কৰি আৰু একাপ অৰ্দাৰ কৰি দিলো। আমাৰ খোৱা শেষ হয় মানে গোটেই ৰেষ্টোৰেণ্টখন খালি হৈ পৰিল। সেয়ে আমিও ৰেষ্টোৰেণ্টৰ কৰ্মচাৰিৰ সময় নষ্ট নকৰিবলৈ মোৰ এস্প্ৰেসৌৰ কাপটোৰ তলতে দুহেজাৰ টকাৰ নুট এখন ৰাখি অফিচলৈ বুলি গাড়ীৰ অভিমুখে খোজ দি ৰেষ্টোৰেণ্টখনৰ পৰা ওলাই আহিলো।
Please vote commant and share 😘. Keep smiling
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...