২৫

38 5 0
                                    

Follow me🙏
নক্ষত্ৰাৰ দৃষ্টিকোণ

          সাতদিন বিনিদ্ৰ ৰজনীৰে পাৰ কৰাৰ পাছত আজিহে অলপ টোপনীৰ ভাগ পালো! আচলতে এলাৰ্ম ঘড়ীৰ ৭বজাৰ মাততহে খপজপাই সাৰ পালো। লৰালৰিকৈ বাথৰুমলৈ দৌৰ দিলো। প্ৰায় পোন্ধৰ মিনিটমানত পুৱাৰ কামখিনি সমাধান কৰি পাকঘৰত চাহেদাবা আৰু ফাতেমালৈ কিবা অলপ বনাই থৈ যাও বুলি থিয় দিলো। পাকঘৰত ইতিমধ্যেই চাহেদাবায়ে কিবা বনোৱাত ব্যস্ত হৈ আছিল। মই গৈ তেখেতৰ পাচফালে থিয় হ'লত তেখেতে কামৰ পৰা মূৰ তুলি মোলৈ চালে। তেওঁ প্ৰশ্নবোধক দৃষ্টিৰে মোক সুধিলে

-       নাজ ক'ত আছ এইকেইদিন? দেখিবলৈকে পোৱা নাই যে? কেতিয়া আহ কেতিয়া ঘৰৰ পৰা ওলাই যাও আমি ঘৰৰ কোনেও গমকে পোৱা নাই। মাত্র তই বনাই ৰেডী কৰি থৈ যোৱা পুৱাৰ খাদ্য বোৰ দেখিহে তোৰ অস্তিত্বৰ ওমান পাব লগা হৈছে যে? কি হৈছে? নতুন চাকৰিত জইন কৰিলি নেকি? নে অন্য কিবা

-       সৰুবা। Thank God. আজি সাতদিনৰ পাচত তোমাক দেখিছো। কি হ'ল। কি কৰি আছা! ইমান ব্যস্ত

ডাঙৰ বাৰ কথাৰ কিবা উত্তৰ দিয়াৰ আগতেই ফাতেমা পাকঘৰলৈ সোমাই আহি উৎফুল্লিত কণ্ঠেৰে মোক প্ৰশ্ন কৰি গ'ল। উত্তৰত মই কেনেকৈ গোটেই কথাবোৰ কম তাকে জুকিয়াই থাকোতে ফাতেমাই পুনৰ ক'লে

-       তোমাৰ জন্মদিনৰ দিনা চেহনাজ আণ্টিয়ে কি কৈছিল। তুমি সেইদিনাৰে পৰা ইমান ব্যস্ত হৈ পৰিলা যে? নিৰ্ভয়ৰ কিবা অসুবিধা হৈছে নেকি?

-       সেইদিনা চাজাদো আহিছিল। তোলৈ নিশা ১১ কি ১২ বজালৈকে অপেক্ষা কৰিলে কিন্তু তই নাই। তই সেইদিনা ঘৰলৈ নাহিলি নেকি? কাৰণ পিছদিনা ৰাতিপুৱাও তোৰ একো সম্ভেদ পোৱা নাছিলো।

চাহেদাবাৰ কথাবোৰ হৃদয়ঙ্গম কৰি থাকোঁতেই ভিতৰৰ পৰা ফাতেমাই ডাঙৰ কাঁহি এখন হাতত লৈ ওলাই আহিল।  ৩ অক্টোবৰ মানে মোৰ জন্মদিনৰ দিনা নকটাকৈ থৈ যোৱা ককেটো ঢাকী আনি তাই আমাৰ সন্মুখত থ'লে। তাই নিজে বনোৱা কেক বাবে সাতদিনে বেয়া হৈ যোৱা নাই। কেকটো দেখি সাতদিনৰ আগৰ ঘতনাটো মোৰ চকুত ভাঁহি আহিল।

ফাতেমাই ৩ অক্টোবৰৰ দিনা এনেকৈয়ে কেকটো ঢাকনি এখনেৰে লুকুৱাই আনি আমাৰ সন্মুখত থৈ লাহেকে আঁঠুত বহি মোলৈ চাই হাঁহি কৈছিলে

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now