২২

42 4 0
                                    

Please follow me if not yet😊

নক্ষত্ৰাৰ দৃষ্টিকোণ

ভাববোৰে বুৰবুৰণি তুলি থাকোঁতেই বাছখন আহি মোৰ গন্তব্য ষ্টপেজত ৰলহি। ভাৰা দিয়া হৈ গৈছিল বাবে মই চিধা বাছৰ পৰা নামি গলো। এবাৰ হাত ঘড়ীটোলৈ চাই লুইচ বাৰ্গাৰ এণ্ড কফি চপৰ দিশে খৰকৈ খোজ দিলো। দোকানৰ বাহিৰত যেতিয়া ভৰি দিলো দেখিলো দোকান ইতিমধ্যে খোলা আছে কিন্তু বাহিৰত এখন নতুন noticed আঁৰি থোৱা আছে। গোটেই পৰিস্থিতিটো কিয় যে মোৰ আচহোৱা লাগি আহিছে। কিবা দুসংবাদৰ আগ জাননি যেন লাগিল। গাটো শিৰহিৰাই আহিব ধৰিলে। মই লাহে লাহে খোজ চলাই ভিতৰ সোমালো। আমাৰ সকলো ষ্টাফ আমন জিমনকৈ বিভিন্ন ভঙ্গিত অ'ত ত'ত বহি আছে। মই গৈ বেৰিষ্টাৰ ওচৰত থিয় হ'লো। তেওঁৰ হাতত সৰুকৈ বেণ্ডেজ এটা লাগিয়ে আছে। তেখেতে কোনোবা এটা কম্পেনিট নতুনকৈ যোগদান কৰিলে বুলি তিনিদিনৰ আগত মোক ফোনত কৈছিল। ইয়াৰ দৰ্মহাৰ তিনিগুণ দৰ্মহা হেনু তাত। সেই কথাও কৈছিল। তথাপিও তেখেত দোকানলৈ আহিছে। লক্ষ্যনীয় কথাটো হ'ল দোকান খোলাৰ পিছটো কোনো কাষ্টমাৰ দোকানৰ ভিতৰ সোমোৱা নাই। বাহিৰত আঁৰি থোৱা নটিচ্ খনলৈ মনত পৰি আহিল মোৰ। মনৰ দুধুৰমুধুৰ পৰিস্থিতিৰ বাবে দোকানলৈ সোমোৱাৰ সময় সেইখন চাম বুলিও চোৱা নহ'ল। মই সেইখনত কি লিখা আছে পঢ়িবৰ বাবে পুনৰ দোকানৰ বাহিৰৰ ফালে খোজ দিবলৈ লওতে বেৰিষ্টা চাৰে সুধিলে

- ক'ত যোৱা?

- মই নটিচ্ খন পঢ়িবলৈ পাহৰিলো। তাকে

- নটিচ্ চাব নালাগে। তুমি বহা। তাত দোকান অনিদৃষ্ট কাললৈ বন্ধ হ'ব বুলি লিখা আছে।

- দোকান মানে আমাৰ দোকান মানে আমাৰ লুইচ বাৰ্গাৰ?

তেখেতৰ উত্তৰে মোক আচম্বিত কৰিলে। মই অবিশ্বাস্য সুৰত খুনা খুনাকৈ তেখেতক কৈ থকা কথাৰ উত্তৰত তেওঁ পুনৰ ক'লে

- নক্ষত্ৰা বহাছোন।

বেৰিষ্টাজনৰ নাম বিজেন চিং। মই তেওঁক বিজেনদা বুলি মাতো। তেখেত অসমৰ নহয়। কিন্তু বহু সময় অসমত থকাৰ ফলত অসমীয়াই হৈ পৰিল তেওঁ। তেওঁ অসমীয়া বৰ সুন্দৰকৈ ক'ব পাৰে। তেখেত মোতকৈ প্ৰায় ২২ বছৰমান ডাঙৰ। তেখেতৰ ছোৱালী জনীও বোলে মোৰ সমান। সেয়ে চাগে আমাৰ কফি চপৰ বাকী ষ্টাফৰ তুলনাত তেখেতে মোক অলপ বেছি মৰম কৰে। মই জানিব বিচাৰিলেই তেখেতে কফি বনোৱা প্ৰায় ট্ৰিক মোক শিকাই দিয়ে। মইও তেখেতক বৰ সন্মান কৰোঁ। শ্ৰদ্ধা কৰোঁ। কিন্তু আজি, তেওঁৰ আচৰণে মোৰ মনৰ দুচিন্তা বৃদ্ধি কৰিছে। মই তেওঁৰ কাষত বহি সকলোলৈ এবাৰ চকু ঘূৰাই চাই শেষত তেওঁলৈ চালো। তেওঁ বেদনাক্লিষ্ট এটা হাঁহি ওঁঠত লৈ মোৰ চকুত চকুত থৈ ক'লে

- বাইদেউ। মানে তোমাৰ গগৈ আণ্টী আৰু নাই। যোৱা ৰাতি হঠাৎ হোৱা কাৰ্ডিয়ে এৰেষ্টৰ বাবে তেখেত হস্পিটেল পোৱাৰ আগতেই ঢুকালে। যদিও তেখেতৰ ল'ৰাই তেখেতক লৰালৰিকৈ হস্পিটেললৈ লৈ গৈছিল তথাপি তেখেত হস্পিটেল পোৱাৰ আগতে শেষ নিশ্বাস এৰিলে।

বিজেনদাৰ কথা শুনি মোৰ ভৰিৰ তলৰ মাটিখিনি নোহোৱা হৈ যোৱা যেন মোৰ অনুভৱ হ'ল।  গগৈ আণ্টিৰ হঠাৎ বিয়োগৰ ঘটনাটো মই হৃদয়ঙ্গম কৰিবলৈ কষ্ট হ'ল। এটা গধুৰ উচুপনিয়ে বুকুত হেঁচা মাৰি ধৰিলে।  বেৰিষ্টাই মোৰ অৱস্থা বুজিব পাৰি মোৰ দুই হাতত তেখেতৰ হাতে ধৰি ক'লে

- নক্ষত্ৰা No man is immortal. এদিন তুমিও মৰিবা আৰু মইও। তাতে তেখেত কাৰ্ডিক পেচেণ্ট আছিল। দুখ নকৰিবা। ভাল হ'ল যে তেখেতে শান্তিৰে চকু মুদিলে। মৃত্যু যন্ত্ৰণা ভোগিব লগা নহ'ল।

- সেইটো ভাল কথা যে তেখেতে কষ্ট নাপালে। অকনো যন্ত্রণা নোভোগাকৈ তেখেতে মৃত্যুক আকোঁৱালি ল'লে।কিন্তু এতিয়া আমাৰ কি হ'ব। আপোনাৰটো চিন্তা নাই। আপোনাৰ ডাঙৰ কম্পেনিত চাকৰি হৈ গ'ল। এতিয়া আমি কি কৰিম। তেখেতৰ পুতেকে দোকান চলালে আমি চাকৰি কৰিম কেনেকৈ! সি এটা লম্পট।

বিজেনদাই মোক বুজাবলৈ কৈ থকা কথাৰ মাজতে নীতা আৰু লনিয়ে সমস্বৰেৰে চিৎকাৰ কৰি উঠিল। দুয়োলৈ চকু তুলি চাই মইও ভাবিলো সচাঁকৈ এতিয়া মোৰ কি হ'ব! এনেতে মোৰ ফোনটো বাজি উঠিল। বেগৰ পৰা ফোনটো চাই দেখিলো চেহনাজ মাহীৰ নামটো স্ক্ৰীণত জিলিকী উঠিল।

উদয়ৰ দৃষ্টিকোণ

মিটিংৰ উদ্দেশ্যে অপস্পৰাৰ দিশে গৈ থাকোঁতে নক্ষত্ৰাই কাম কৰা কফি চপৰ সন্মুখত পোৱা স্প্ৰীড্ ব্ৰেকাৰত মোৰ গাড়ীয়ে অলপ ধিমি গতি ল'লে।  চাওঁ নাচাও কৈ দোকানৰ দিশলৈ চাই নতুন কৈ আঁৰি থোৱা এখন নটিচত মোৰ চকু পৰিল। বগা কাগজত হাতে লিখা কেইটিমান আখৰ। মই মোৰ মোবাইল কেমেৰাৰে জুম কৰি নটিচ খনৰ ফটো এটা ক্লিক কৰি ল'লো। ৰাতুলে গাড়ী চলাই অহাৰ বাবে মই এইকণ সুবিধা পালো। চপখন ক্ৰচ কৰি যোৱাৰ পাচত ফটোখন চাবলৈ যত্ন কৰিলো। নটিচখনৰ আখৰবোৰ ভলদৰে পঢ়ি মনটো গধুৰ লাগি গ'ল।  ৰাতুলে তাৰ ৰিয়াৰ ভিউৰ পৰা মোক লক্ষ্য কৰি আছিল চাগে। সেয়ে সি ভয়ে ভয়ে সুধিলে

- চাৰ কিবা বেয়া খবৰ

- মমম। লুইচ বাৰ্গাৰ কফি চপৰ ৱনাৰ অজন্তা গগৈৰ হৃদৰোগত হঠাৎ যোৱা কালি নিশা মৃত্যু হ'ল। সেয়ে দোকান অনিদিষ্ট কাললৈ বন্ধ থাকিব।

- অঃ।

সি মোৰ আৰু একো সুধাৰ সাহস নকৰি গাড়ী চলাই থাকিল। কিছু সময়ৰ পাচত অস্পৰাৰ সন্মুখত গাড়ী ৰ'ল গৈ।

Don't forget to vote, commant and share with your friends.

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now