১০

35 7 1
                                    

Hi wattpaders,
thanks for supporting

উদয়ৰ দৃষ্টিকোণ

- কলেজ কেইবজাৰ পৰা থাকে?

অচিমে জেৰা কৰাৰ দৰি সুধা প্ৰশ্নত ছোৱালী দুজনীয়ে থৎ মৎ খাই উত্তৰ দিলে

- চাৰ পুৱা ১০ বজাৰ পৰা।

-তোমালোক যে আমাৰ অফিচ পুৱা ৮ বজাতে পালাহি?

-৮ নহয় ৮টা ২০ত৷

- Ok. তেতিয়াও ১০ বাজিবলৈ ১ঘণ্টা ৪০ মিনিট বাকী৷ ইমান সোনকলে কিয় আহিলা?

-মানে মানে

দুয়োজনীকে ভয় খোৱাই থাকি অচিমে প্ৰশ্ন সুধিয়ে থাকিলে। এজনী উত্তৰ দিয়াত অসমৰ্থ হ’লত ইজনীলৈ চাই এটা খুচ মাৰি ক’লে

-মানে

-যোৱা কালি আপোনাৰ চাৰে আমাৰ নিমন্ত্ৰণ গ্ৰহণ নকৰাৰ বাবে নক্ষত্ৰাই কৈছিল অফিচ আৰম্ভ হোৱাৰ আগতেই তেখেতক লগ ধৰি মনোৱাৰ কথা। সেয়ে সোনকালে আহিছিলো।

-৯.৪৫তহে ৰুমত সোমালা যে তাৰ আগত কি কৰি আছিলা?

-এই ৰুমৰ সন্মুখত  ৰৈ আছিলো। কিন্তু কোনোবা এজনে আপোনাৰ চাৰ এই ৰুমত নাই মিটিংত আছে ক’লত আমি তালৈ গ’লো। সেয়ে দেৰি হ’ল।

-মিটিংত তেনেকৈ দুৱাৰ থেলি সোমাই নি?

-ভুল হৈ গ’ল। কিন্তু দুৱাৰ থেলি নক্ষত্ৰাহে আগত সোমাইছিল তাৰ পাচত কিয় জানো মোৰ আঁৰত লোকাই দিলে।

কথা শুনি মই বুজি পালো যে তাই মোক পাহৰা নাই। মই মোৰ হাতৰ চেকখন এজনীলৈ আগবঢ়াই দিলো। মোৰ চকু দুৱাৰৰ সিপাৰৰ আচলৰ ওপৰত স্থিৰ হ’ল। মোৰ সন্মুখৰ গনিতা নামৰ ছোৱালীজনীয়ে আলফুলে চেকৰ এমাউণ্টটো চাই চেকখন বেগত ভৰাই যাবৰ বাবে থিয় হ’বলৈ ল’লে। মই সম্ভিবত হৈ ক’লো

- ৰ’বা৷ খাই যাবা৷ তোমালোকে কি খাই ওলাইছিলা ঘৰৰ পৰা ?

অদৰকাৰি প্ৰশ্ন কিন্তু আচলক অলপ পৰ আৰু চাই থকাৰ সাবিয়াসতে কথাটো সুধিলো চাগে।  কাব্যাশ্ৰিয়ে মোৰ প্ৰশ্নৰ উত্তৰ দিলে

-মই চাহ, এই ভাত আৰু নক্ষত্ৰাই একো খোৱা নাই।

সেই কথাত মই অলপ সংকিত হৈ পৰিলো। ঘড়ীটোলৈ চালো ১০.২০। এইবাৰ মই কিবা কোৱাৰ আগতেই অচিমে ক’লে

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now