Hii
Thanks for coming inside my book. Happy reading😊.
Please please follow me if not yet😊নিজৰাৰ দৃষ্টিকোণ
পাকঘৰটো চাফা কৰা শেষ কৰি ৰেষ্টুৰেণ্টৰ ভিতৰলৈ এবাৰ চকু ঘূৰাই। ইতিমধ্যে সকলো গুচি গ'ল। আসনবোৰ খালি। উদয় চাৰে বিলৰ বাবে মোক নমতাকৈ গুচি গল। মই লৰালৰিকৈ তেখেতৰ টেবুল পৰীক্ষা কৰিবলৈ আহি আচৰিত। দুহেজাৰ টকা তেখেতৰ কাপৰ তলত থৈ গৈছে। ইমান বেছি টিপ মই ইয়াৰ আগত কেতিয়াও পোৱা নাই। মনতে তেওঁক ধন্যবাদ দিলো। কিন্তু পাচ মুহূৰ্ততে পুনৰ ভাৱ হল তেখেতে মোক দয়া কৰাৰ চেষ্টা কৰা নাইটো। এনেতে গগৈ আণ্টিৰ মাতত মই সম্বিত হলো। লৰালৰিকৈ চাফাইৰ কাম সমাপ্ত কৰি দুয়ো একেলগে ৰেষ্টুৰেণ্টৰ বাহিৰ ওলালো। মই ঘৰৰ অভিমুখে বাছ ধৰিবলৈ বাছ ষ্টেণ্ডৰ দিশে খোজ দিলো। ঘৰ পাই বুজিলো আলহী এতিয়াও যোৱাই নাই। ঘৰৰ ভিতৰলৈ সোমাও নোসোমাও কৰি থাকোতেই আমাৰ দুৱাৰ খুল খালে। দুৱাৰত মোলৈ চাই থিয় হৈ আছে ৰাতিপুৱা যেনে তেনে গাড়ী ৰখাই চাহেদাৰ চিঠিখন দিয়া ব্যক্তিজন। মই সেমেকা হাঁহি এটাৰে তেখেতক সম্ভাষণ জনালো। তেখেতে মোক ভিতৰলৈ সোমাবৰ বাবে বাট এৰি দিলে। মই লাহে লাহে ভিতৰলৈ তেখেতৰ কাষেৰে খোজ পেলাই সোমাই গলো। মই অনুমান কৰিলো দ্ৰইং ৰুমৰ খিৰিকীৰে তেখেতে মোক দেখা পায়ে দুৱাৰ খুলি দিলে বুলি। ৰুমত সোমাই মই চকুৰে চাহেদাক বিচাৰিলো। মামীৰ চকুৱে চকুৱে পৰিলত মামীৰ চাৱনিত মোৰ ডিঙিৰে গৰম শিপ এটা বাগৰি গল। মামীয়ে নকল হাঁহি এটাৰে মোক আলহীসকলৰ লগত চিনাকি কৰি দিলে
- নাজিমা। তই পালিহি। আহ। এইয়া ৰুকচাৰ মাহী। ৰুকচাৰ এই নাজিমা তেখেতৰ বায়েকৰ জীয়েক।
- বায়েক? তেখেতে কোনোবা হিন্দু মানুহলৈ বিয়া হোৱা নাছিল জানো?
- হয়।
- অ। তাই ইয়াত কি কৰিছে?
- তাইৰ দেউতাক ঢুকোৱাৰ পাচত আমাৰ এওঁ মাক জীয়েকক লৈ আনিলে। প্ৰায় ১৩বছৰে হ'ল। তেতিয়াৰ পৰা তাই আমাৰ লগতে আছে। পাঁচ বছৰৰ আগতে তাইৰ মাকে ঢুকালে।
- এতিয়া তোমাৰ স্বামীও নাই। নিজৰ দুজনী ছোৱালী আছেই। আৰু এজনী!
ইমান দিনে কেৱল মামীৰ চকুত মোৰ প্ৰতি দেখা ঘৃণা লাহেকৈ আলহী মাহীৰ চকুলৈ বাগৰি যোৱা যেন মোৰ অনুভৱ হ'ল। তেখেতে মোলৈ চাই সুধিলে
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...