২৯

26 4 2
                                    

Please follow me 💗💗

নক্ষত্রাৰ দৃষ্টিকোণ

বিজেন দাৰ অনুৰোধ বাৰে বাৰে অবজ্ঞা কৰি থকিব নোৱাৰিলো। অবশেষত চুমুক চামাককৈ "প্ৰতিবিম্ব সময়ৰ" কাৰ্যালয়ত উপস্থিত হ'লোহি। হস্পিটালত আহি উপস্থিত হোৱা ফাতেমা, চাহেদাবা আৰু চাজাদৰ হাতত নিৰ্ভয়ক থৈ আহিছো। চাহেদাবা হস্পিটাল লৈ আহিব বুলি আশা কৰা নাছিলো। চাজাদ আৰু ফাতেমাৰ বাবেই তাই আহিল নিশ্চয়।

মনৰ চিন্তা বোৰ সামৰি মই "প্ৰতিবিম্ব সময়ৰ" কাৰ্যালয়ত মোৰ পৰিচয় দিলো। নিচি নামৰ মানুহ গৰাকীৰ অভ্যৰ্থনাত মই আপ্লুত হ'লো। তেখেতৰ সহজ সৰল আচৰণ দেখি মনৰ সকলো ভয় আঁতৰি গ'ল। তেওঁ বৰ আদৰেৰে মোক কফি বনাবৰ বাবে প্ৰয়োজন হোৱা সকলোবোৰ বস্তু দেখুৱাই দিলে। তাৰপাচত তেখেতে পিয়ন জনক মাতি চিনাকি কৰি দিলে আৰু ক'লে

- ইয়াৰ নাম বাহাদুৰ। কফি তৈয়াৰ হ'লে ইয়াৰ হাততে দি দিবা। ই সকলোকে ভাগে ভাগে দি দিব। তুমি কেৱল কফি তৈয়াৰ কৰিলেই হ'ল। চেনি, কফি কিবা বিচাৰি নাপালে বা কিমান কফি, কালৈ কেনেকৈ বুজি নাপালে ইয়াকে মাতি সুধি ল'বা। তাৰ ওপৰত অন্য কিবা অসুবিধা থাকিলে বিনা দিধাৰে মোক জনাবা। মই নিশ্চয়ই সহায় কৰিম। এতিয়া তুমি কফি বনাই ইয়াৰ হাতত দিলেই হ'ল।

তেখেতৰ কথাৰ মই নীৰৱে শলাগ ল'লো। নিচি মেমৰ অমায়িক ব্যবহাৰৰ বাবে তেখেতক আপোন আপোন লাগি গ'ল। সাধাৰণতে মই কাকো নিজৰ অসুবিধা ব্যক্ত কৰিব নোৱাৰো বা নকৰো। কিন্তু তেখেতক লগ পোৱা সেই ক্ষন্তেক সময়তে মই মোৰ বৰ্তমানৰ অসুবিধাৰবোৰৰ কথা তেওঁক সকলো কৈ দিলো। হস্পিটালৰ কথা, নিৰ্ভয়ৰ কথা, নিৰ্ভয়ৰ যে মই single mother, মোৰ বাসগৃহ কথা, মামীৰ বাবে হ'ব লগা অসুবিধাৰবোৰৰ কথা। মুঠতে মোৰ জীৱনৰ unseen page এটা তেওঁৰ আগত খুলি থ'লো। তেওঁ বৰ আদৰেৰে মোৰ কথাবোৰ শুনিলে। তাৰপাচত মোৰ কাষৰ পৰা আঁতৰি যোৱাৰ আগত নিৰ্জু হাঁহি এটাৰে কৈ গ'ল

- নক্ষত্রা, কফি তৈয়াৰ হ'লে তিনি কাপ কফি বাহাদুৰৰ হাতত উদয়। উদয় মানে তোমাৰ বচ। তুমি লগ পোৱা নাই। আজি এক সপ্তাহ পাচত অফিচ আহিছে। সেয়ে আজি নহয়। কালিলৈ চিনাকি কৰাই দিম। তোমাক ভাল পাব সি। মমম উদয়ৰ কেবিনলৈ তিনি কাপ কফি পঠিয়াই দিবা। তাৰপাচত তোমাৰ চুটি। আজিৰ বাবে। তুমি হস্পিটেললৈ যাব পাৰা। কালিলৈ পোৱা ৮ বজাত পোৱাকৈ আহি যাবা। মমম আৰু শুনা আমি সকলোৰে বাবে বাসগৃহ ৰেকমেণ্ড নকৰো কিন্তু তোমাৰ কথা পাতিম।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now