পৰিশিষ্টঃ

26 5 2
                                    

Comment please

উদয়ৰ দৃষ্টিকোণ

কন্ফাৰেঞ্চ কক্ষলৈ খোজ দি থাকি নিচিৰ টেবুললৈ চালো৷ তাই নিৰ্ভয়ক কিবা খোৱাই আছে৷ সিও খাই থাকিয়েই নিচিক অনৰ্গল কিবা কথা কৈ আছে৷ তাই এবাৰ মোক লক্ষ্য কৰিলে কিন্তু বিশেষ গুৰুত্ব নিদিলে৷ মই কন্ফাৰেঞ্চ ৰুমত প্ৰবেশ কৰাৰ লগে লগে কক্ষত ইতিমধ্যে উপস্থিত থকা সকলো নিজ আসনত থিয় হল৷ মই নিজৰ চকীত বহি সকলোকে আসন গ্ৰহণ কৰিবলৈ কলো৷ সকলো বহাৰ লগে লগে তনয়হঁতে কক্ষত প্ৰবেশ কৰিলে৷ সিহঁতে লৰালৰিকৈ নিজ নিজ আসন গ্ৰহণ কৰাৰ পাচতে মিটিং আৰম্ভ হল৷

মবাইলৰ ঘড়ীটোৱে মিটিং আৰম্ভ হোৱাৰ পৰা ২৫ মিনিট হৈ যোৱাৰ সংকেত দিলে৷ মই লাহেকৈ থিয় হলো৷ কোটৰ বুটাম ঠিক কৰি সকলোলৈ চাই কলো

- ক্ষমা কৰিব মই মোৰ লৰাটোক কথা দিছিলোঁ যে মিটিং আধা ঘণ্টা হব৷ কিন্তু আপোনালোকক কিছু সময় লাগিব৷ পিচৰ সিদ্ধান্ত তনয়ে লব৷ মই গৈ থাকো৷ এনেও আজিৰ প্ৰজেক্টৰ মেইন লিদ তনয়ৰ৷

কথা শেষ কৰি মই কেবিনৰ বাহিৰত ভৰি দিলো৷ ইফালে সিফালে নিৰ্ভয়ক বিচাৰিলো৷ তাক নেদেখি নিচিৰ কাষত থিয় হলো৷ তাই কিবা লিখিত ব্যস্ত হৈ আছিল৷ মই কাষত ৰলত তাই মূৰ তুলি চালে৷ মই সুধাৰ আগতেই তাই মোৰ কেবিনলৈ আঙুলিয়াই দেখুৱালে৷

নিৰ্ভয়ে কেবিনৰ চোফাত লালকাল হৈ শুই আছে৷ মই তাৰ কাষত বহি কপালত এটা চুমা আঁকি দিলো৷ পকেটৰ পৰা ফোনটো উলিয়াই দাইল কৰিলো৷ ৰিং শেষ হৈ গল৷ মায়ে ৰিচিভ নকৰিলে৷ মই নিৰ্ভয়ৰ কাষৰ পৰা আহি নিজৰ চকীত বহিলো৷ টেবুলত দুটা ফাইল পৰি আছে৷ মই পৰীক্ষা কৰিবলৈ ললো৷

দুৱাৰত হোৱা শব্দত মই ফাইলৰ পৰা মূৰ তুলি কলো

- সোমাই আহক৷

চুচুক চামাককৈ তনয় সোমাই আহিল৷ সেমেনা সেমেনি কৈ কলে

- আচলতে মই দেৰি কৰিব বিচৰা নাছিলো৷ মোৰ আগত হঠাৎ কুকুৰ এটা আহি দিয়াৰ বাবে

- সেই বাবে তই নিৰ্ভয়ৰ বেগত থকা ফাষ্টেট কিটৰ পৰা বেণ্ডেজ কেইটা উলিয়াই লগাই ললি৷ নিজেই লগালি নে নিচিয়েও সহায় কৰিলে?

- ককাইদেউ!

- মোক মিছা কৈ লাভ নাই৷ তহঁতৰ মুখ দেখিলে মই গৰ্ভ দেখি পাওঁ৷

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now