৩৮

30 2 0
                                    

Follow me please🙏

নক্ষত্রাৰ দৃষ্টিকোণ

উদয়চাৰলৈ কফি কাপ সজাই চাৰে বহি থকা চকীৰ সন্মুখলৈ আগবঢ়াই দিলো। তেওঁ কফি কাপ পৰ্যবেক্ষণ কৰিলে। মই তেওঁৰ বিপৰীতত তললৈ মূৰ কৰি থিয় হৈ ৰ'লো।

- বহা

তেওঁৰ উচ্চাৰণত মই থৎমৎ খাই তেওঁৰ চকুলৈ চালো। মই শুনা কথাটো শুদ্ধ নে পৰীক্ষা কৰিবলৈ তেওঁক সুধিলো

- কি? কি ক'লে চাৰ?

- মই ক'লো। বহা।

তেওঁ সন্মুখৰ চকীখন দেখুৱাই থাকি পুনৰ ক'লে। তৎক্ষণাৎ মোৰ মনত পৰিল ফাতেমাৰ কুকুৰ এঞ্জেলাৰ কথা। ফাতেমাই এঞ্জেলাক বহিবলৈ ক'লে তাই বহে! দৌৰি কিবা ধৰিবলৈ ক'লে তাই ধৰে। মইও দুবাৰমান চেষ্টা কৰিছিলো। এঞ্জেলা একান্ত বাধ্য। মই বহিবলৈ ক'লে তাই বহি দিয়ে।

একান্ত বাধ্য কুকুৰৰ দৰেই মইও উদয়চাৰে দেখুৱাই দিয়া পাক ঘৰৰ ডাইনিং ৰ তেওঁৰ সন্মুখৰ চকীখনত বহি দিলো।

- খোৱা

এখন প্লেটত পুৰি, কণী জাতীয় খাদ্য দি প্লেটখন মোৰ ফাললৈ ঠেলি দি কথাষাৰ ক'লে।

অকস্মাৎ মোৰ খং এটা উঠি আহিল। তেখেতে একপক্ষীয় ভাবে মানি ল'লে যে মই তেওঁৰ পোহনীয়া জন্তু নতুবা মই এটি তিনি বছৰীয়া শিশু। মই ভাবিছিলো তেওঁ শিক্ষিত। শিষ্টাচাৰ জানে। কিন্তু! সেয়ে মই লৰালৰিকৈ উত্তৰত ক'লো

- নালাগে। ধন্যবাদ। মোৰ ভোক লগা নাই। মই খাই আহিছো।

তেওঁ খাই থকাৰ পৰাই মূৰ তুলি এপলক মোলৈ চালে। আইব্ৰুযোৰ ওপৰলৈ তুলি সুধিলে

- জানিব পাৰো কোন সময়ত?

- মমম। ৰাতিপুৱাৰ ৪ঃ৩০ মানত।

- এতিয়া ৯ বাজি গ'ল। নাই বুলিও পাঁচ ঘণ্টা পাৰ হ'ল। তাতে তুমি আজি খোজেৰে আহিব লগা হোৱা নাই জানো! মিচ চেতিয়া। কথা বন্ধ কৰা। মনে মনে খাই লোৱা।

তেওঁ দৃঢ়ভাবে কথাটো কৈ নিজে খোৱাত ব্যস্ত হ'ল। মই খাদ্য খিনিলৈ লক্ষ্য কৰিলো। ডিউটিৰ প্ৰথম দিনাই নিজৰ কৰ্মকৰ্তাৰ লগত বহি ব্ৰেকফাষ্ট কৰিবলৈ মই বৰ অসজা অনুভব কৰিলো। তথাপি আজ্ঞা পালন কৰি প্লেট পৰা পুৰি এচিকুটৰ লগত চবজি লগাই মুখৰ ওচৰলৈ আনিলো। খাদ্যৰ সুস্বাদু গন্ধ নাকত লাগিলহি। লগে লগে পেটৰ ভিতৰত নিগনি নাচি উঠিল।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now