Please follow me🙏
নক্ষত্ৰাৰ দৃষ্টিকোণ
তিনিদিন ধৰি ৰাতিপুৱাৰ চাহ কাপ শেষ কৰিয়ে আসাম ট্ৰিবিউনৰ দ্বিতীয় পৃষ্ঠাত চাকৰিৰ সন্ধানত লাগি আছো। তাৰ পাচতে যোগ্যতাৰ অনুসৰি ইণ্টাৰ্ভিউলৈ দৌৰ দিছো কিন্তু কি যে কেনা লাগিলে কোনেও চিলেক্টেই নকৰা হ'ল। আজিৰ পেপাৰখনটো মোৰ যোগ্য চাকৰি কেইটা ৰঙা চিঞাঁহীৰে বাচি গৈছো। এটা চাকৰিৰ মোক লাগেই। সেইদিনা চেহনাজ মাহীয়ে মোক টাইমলাইন দি দিছে।তেখেতে মাত্ৰ এমাহ সময় দিম বুলিহে কৈছে। এমাহৰ ভিতৰত মই ভাড়া ঘৰ এটাও ল'ব লাগিব। কিয়নো মামীয়ে তাক কেতিয়াও মানি নলয়। তেখেতে তাক এই ঘৰত কেতিয়াও থাকিব লৈ নিদিয়ে। কথাবোৰ ভাবি বাতৰিৰ পেজটো পৰীক্ষা কৰি থাকোতেই চাহেদাবাই ব্ৰাচডাল মুখত লৈ মোৰ কাষত থিয় হ'ল। তাই চাজাদৰ ঘৰৰ পৰা তিনিদিনৰ আগত গুচি আহিলে। মামীহে নাহিল, দুয়ো বান্ধৱী কিবা প্লেন আছে বোলে। ফূৰিবলৈ ক'ৰবালৈ যোৱাৰ কথা। তাই কাষত মোলৈ চাই থিয় হোৱাৰ মাত্ৰে মই বুজিলো তাইৰ চাহৰ সময় হল। সেয়ে মই কামটো সিমানতে সামৰি পাকঘৰলৈ খোজ দিলো। তাই থাপ মাৰি মোক ৰখাই নালাগে ইংগীত দি মুখ ধুবলৈ বেচিনলৈ গ'ল। চাজাদৰ ঘৰৰ পৰা অহাৰে পৰা তাই কিবা এটা পৰিবৰ্তন হৈছে। মোক যেন মৰম কৰা হৈ গৈছে। তাইৰ পৰা চকু ঘূৰাওতে দেখিলো ফাতেমায়েও উঠি আহি মি এটা দি টোপনিৰ জালতে দুৱাৰ দলিত থিয় হৈ মোলৈ চাই এটা মিচিকিয়া হাঁহিৰে ক'লে
-গুডমৰ্ণিং সৰুবা।
-গুডমৰ্ণিং। মুখ ধুৱা আহা যোৱা মই তোমালৈ ব্ৰেকফাষ্ট ৰেডি কৰোঁ।
-ৰ'বাহে। লাহে লাহে কৰিবা। আজি দেওবাৰ নহয় জানো? তোমাৰ ক'ৰবালৈ যাব লগা আছে নেকি?
-দেওবাৰ হয়। আজি যাব নালাগে।
-এতিয়া তুমি কি কৰি আছিলা? আজিও চাকৰিকে বিচাৰি আছা নেকি?
-মমমম
-পাইছা ?
-কেইটামান কিবা কিবি। ইণ্টাৰ্ভিউ দিবলৈ গ'লেহে গম পাম।
- চাও দিয়া। মই অলপ সহায় কৰি দিও।
কথাষাৰ কৈ তাই মোৰ কাষতে বহি লৈ পেপাৰখনত চকু দিলে। তাই পেপাৰৰ পৃষ্টাটো পৰীক্ষা কৰি থাকি মোক ক'লে
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanficWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...