৪৮

30 2 0
                                    

ফাতেমাৰ দৃষ্টিকোণ

সন্মুখত ৰৈ থকা চাজাদলৈ চাই মই নষ্টালজিয়া হৈ পৰিলো৷ দুবছৰৰ আগত ঘটনা ক্ৰম চকুৰ আগত ভাঁহি উঠিল৷

ডাঙৰ আইনাখনৰ  সন্মুখত থিয় হৈ মোৰ দীঘল কলা চুলিকচা ফণিয়াই থাকোতেই  প্ৰথম শব্দবোৰ শুনিছিলো৷ আতংকিত মাতবোৰ ক্ৰমাৎ ডাঙৰ হৈ আহি আছিল৷ তৰ্কাতৰ্কি চাৰিওপিনে বিয়পি পৰিছিল৷

- ইচ্ আকৌ আৰম্ভ হল৷

মই নিজে নিজকে কৈ ইতস্ততঃ কৰি উঠিছিলো৷ সেইদিনা যিদিনা মাকৰ অসুস্থতাৰ বাবে চাজাদে গুৱাহাটীৰ এয়াৰপৰ্টত ভৰি দিছিল৷ সি হস্পিটেল আহি পোৱাৰ পাচত তাৰ মাক থকা কক্ষলৈ তাক দেউতাকে সোমোৱাৰ নিছিলে। মাকৰ দেহত ভেন্টিলেটৰ লাগি আছিল। তাক দেখি বৰ দুৰ্বল ভাবে মাকে তাক সাৱটি লবৰ বাবে হাত দুখন মেলি দিছিলে। সি মাকৰ বুকুৰ মাজত সোমাই উচুপনি সামৰিবলৈ চেষ্টা কৰিছিল। ক্লান্ত তাৰ দৃষ্টি। ভাগৰুৱা বুকুৰে মাকৰ কথাবোৰ মানিবলৈ চেষ্টা কৰিছিল৷ মাকে কষ্টৰে চাজাদলৈ চাই অনুৰোধ কৰিছিল

- সোণ মই তোমাৰ বিয়াখন চাই যাব বিচাৰো৷ আমৈ ৰাজি আছে৷ চাহেদায়েও মানি লৈছে৷ তুমি না নকবা৷

মাকে কথা কৈ থাকি ফেফাবলৈ ধৰিলে৷ উশাহ চুটি হবলৈ ধৰিছিলে৷ চাজাদৰ হাতত টানকৈ ধৰি কৰুণ চাৱনিৰে চাই ৰৈছিল৷ তেওঁ যেন চাজাদৰ পৰা  কথাটো ৰখাৰ শপত বিচাৰিছিলে৷ চাজাদেও কথাটো বুজিব পাৰি মাকৰ হাতত কথা দি দিছিলে৷ তাৰ কিছু সময়ৰ পাছতে আমৈয়ে শেষ নিশ্বাস এৰিছিলে৷ মাকৰ কবৰ দিয়া কাৰ্যৰ পাচৰেপৰা বিয়াৰ যোযা আৰম্ভ হৈ গৈছিল৷

সেয়েই আৰম্ভণি৷ তেতিয়াৰে পৰা সৰু সৰু কথাতে তৰ্কাতৰ্কি৷ কেতিয়াবা ৰভাৰ সাজ সজ্জাক লৈ, কেতিয়াবা ফুলৰ ৰঙকলৈ, কেতিয়াবা খাদ্য, বহাৰ আয়োজন৷ মুঠতে সৰু সৰু কথাতে কিবা নহয় কিবা অসুবিধা৷ এই ঘটনাত মই আচম্বিত নহয়৷ কিয়নো ডাঙৰবা আৰু মা সহজে সন্তুষ্ট নহয়৷ সেয়ে মোৰ ৱেদিং প্লেনাৰ জনলৈহে দয়া হৈছিল৷

যদিও বৰ কম সময়ত ডাঙৰবাৰ বিয়াৰ আয়োজন কৰা হৈছিল তথাপি আমাৰ গোটেই অঞ্চল জোৰি তাইৰ বিয়াৰে চৰ্চা চলিছিল সপ্তাহ জোৰি৷ মই কম্প্লেইন্ কৰা নাই, বিয়া মই বেয়া নপাও৷ মৃত্যু এবাৰ, প্ৰেমো এবাৰ আৰু যাৰ লগত প্ৰেম, বিবাহো তেওঁৰ লগত৷ বিবাহ যিজনৰ লগত মৃত্যুৰ পৰ্যন্ত আজীৱন সেই ব্যক্তিৰ লগতে থকাৰ আদৰ্শ বুকুত বান্ধি ডাঙৰ হৈছিলো মই৷ দুজন ব্যক্তিয়ে জীৱনৰ অন্তিম সময়লৈ লগত থকাৰ কথা চিন্তা কৰি মই ৰোমাঞ্চিত হৈ পৰিছিলোঁ৷ কিন্তু চাহেদাবাৰ আচৰণে মোক আচৰিত কৰিছিল৷ তাই অচিমদাৰ লগত ডেটিংত ব্যস্ত থকাৰ দিনটো চাজাদৰ লগত বিয়াৰ বাবে মান্তি হল কিয়!

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now