৪৫

26 2 2
                                    

Follow me please🙏

উদয়ৰ দৃষ্টিকোণ

নক্ষত্ৰা ক'মাৰ পৰা সাৰ পাওক। প্ৰতি দিনৰ প্ৰতিটো ক্ষণ মই ঈশ্বৰৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰো। কিন্তু দুটা বছৰ আৰু কেইবাটাও মাহ পাৰ হৈ গ'ল অথচ তাইৰ পৰিবৰ্তন নহ'ল। কেৱল আৰু কেৱল অপেক্ষা কৰাৰ বাদে অন্য বিকল্প মোৰ হাতত একো নৰ'ল।

মই নিজকে পুনৰ সংগঠন কৰাৰ প্ৰয়াস কৰিলো। নক্ষত্রাক মগজৰ পৰা আঁতৰাই ৰাখিবৰ বাবে মোৰ মন আৰু মগজুক সম্পূর্ণ ৰূপে ব্যৱসায়ত নিমগ্ন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলো।

দুৱাৰত হোৱা পাতল শব্দত মই নষ্টালজিৰ বাহিৰ হলো। দুৱাৰ ঠেলি নিচি লাহেকৈ ৰুমলৈ সোমাই আহিল। তাই মোলৈ এপলক চাই সুধিলে

- তুমি ভালে আছানে?

সদায় দেখি থকা মোক তাই কিয় এনে প্ৰশ্ন কৰিলে বুজিব নোৱাৰি তাইলৈ চাই ৰ'লো। তাই অপলক নয়নেৰে মোলৈ চাই থাকি সন্মুখৰ চকীখনত বহি ক'লে

- মোৰ ভাৱ হৈছে তুমি যেন বৰ ক্লান্ত। উদয়। যেন তুমি কিবা সিদ্ধান্ত ল'বলৈ চেষ্টা কৰি আছা কিন্তু তোমাৰ মন আৰু শৰীৰে একেলগে সিদ্ধান্তটো গ্ৰহণ কৰা নাই।

কিছু পৰ নীৰৱে থাকি দীঘলকৈ নিশ্বাস এটা এৰি তাই পুনৰ ক'লে

- যিয়ে নহও উদয়। এইবোৰ তোমাৰ ব্যক্তিগত কথা তথাপি বান্ধবী হিচাপে কও। Move on uday. Please. তোমাক এই ৰূপত আমি কোনেও সহ্য কৰিব পৰা নাই। দুবছ বহু সময়। ইতিমধ্যে তুমি পাৰ কৰিলা। যিটোৰ সম্ভাবনা এতিয়াও অনিশ্চিত তাৰ বাবে আৰু সময় নষ্ট নকৰিবা।

তাইৰ কথাৰ একো উত্তৰ নিদি মই টেবুলৰ কাগজ বোৰ পঢ়িবলৈ চেষ্টা কৰিলো। তাই দীঘল উশাহ এটা লৈ কলে

- External Auditor আহি পালোহি। ইতিমধ্যে তেখেতসকলে purchasing বিভাগৰ পৰা কাম আৰম্ভ কৰিছে।

- Ok. একাউন্টত কিবা বিসঙ্গতি দেখা পালে মোক লগে লগে জনাবা। আমাৰ অফিচত কোনো প্ৰবঞ্চকৰ স্থান নাই।

- Yes sir, noted.

উত্তৰটো দিয়ে তাই ৰুমৰপৰা উলাই গ'ল। মই মোৰ চকীখন পিছলৈ ঠেলি অলপ আৰামত ওপৰলৈ মূৰ কৰি বহি ল'লো। সোঁহাতৰ আঙুলি দুটাৰে নাকৰ ওপৰৰ চকু দুটাৰ মাজ অংশ স্পৰ্শ কৰিলো। এনেতে কোনোবা মোৰ ৰুমলৈ প্ৰবেশ কৰা মই অনুমান কৰিলো। আগন্তকে নিজে নিজৰ উপস্থিতি ব্যক্ত কৰালৈ মই তেনেকৈ বাট চালো। এই সময়ত মোৰ চকুকেইটা বন্ধ কৰি থৈয়ে ভাল লাগিছে। কিছু সময় বাট চাইও আগন্তকৰ পৰা কোনো প্ৰতিক্ৰিয়া নাপালো। মই লাহেকৈ চকু খুলিবলৈ লওতেই মোৰ শৰীৰত কাৰোবাৰ স্পৰ্শ অনুভব কৰিলো। চকু খুলি মোৰ একেবাৰে কাষত আচলক দেখা পালো। তাই কিয় আহিছে জানিবলৈ মুখ খোলাৰ আগতেই তাইৰ ওঠে মোৰ ওঁঠক স্পৰ্শ কৰিলে।

মোক শান্তি লাগে। নক্ষত্রাৰ পৰা মনক আঁতৰাবলৈ বিকল্প লাগে। সেয়ে মই তাইক বাধা নিদিলো। মোৰ কোলাত বহি দিয়া আচলৰ দেহৰ ভাঁজবোৰত মোৰ আঙুলিবোৰ নচোৱাই গ'লো। তাইৰ ওঁঠ মোৰ কাণৰ কাষলৈ আনি কামোৰ সুৰত লাহে লাহে ক'লে

- তোমাৰ সকলো ক্লান্তি মই পি খাম। মোক এবাৰ সুবিধা দিয়া।

মই হাতেৰে তাইৰ দেহৰ কোমল অংশ স্পৰ্শ কৰিলো। এনেতে মোৰ কোঠাৰ দুৱাৰত হোৱা কাৰোবাৰ শব্দত মই সম্বিত হ'লো। নিজৰ কাৰ্যত নিজলৈ অসন্তুষ্ট হৈ পৰিলো। আচল দুবছৰৰ পাচত কিয় পুনৰ মোৰ অফিচত ভৰি দিলে জানিবলৈ প্ৰয়োজন অনুভৱ নকৰিলো। মই মোৰ আসনত ভালদৰে বহি লৈ পাৰ্চৰপৰা টকা ২০০০ উলিয়াই তাইলৈ আগবঢ়াই দি ক'লো

- এইটো লোৱা আৰু নিচিক লগ ধৰা। তোমাৰ যি অসুবিধা তাই সমাধান কৰিব। দ্বিতীয়বাৰ এনেকৈ মোক আমনি নকৰিবা।

মোৰ অনুমতি অনুসৰি দুৱাৰ খুলি সোমাই অহা আমাৰ পিয়নজনলৈ এবাৰ চাই তাই নীৰৱে কোঠাৰ বাহিৰ হ'ল। মই পিয়নলৈ চালত সি ক'লে

- চাৰ শিৱসাগৰৰ পৰা গগৈ আহিছে। 

গগৈ কোন মনত পেলাবলৈ চেষ্টা কৰিলো। তনয়ৰ ফাৰ্মৰ বাবে শিৱসাগৰত কিনিব বিচৰা মাটি টুকুৰা কথা মনলৈ আহিলত মানুহজনক ভিতৰলৈ পঠাবলৈ ইংগিত দিলো।কথাত ব্যাঘাত নাহিবৰ বাবে মোৰ ফোনটো চাইলেণ্ট কৰি নিজকে মিটিং ৰ বাবে সাজু কৰিলো।

এখনৰ পাচত এখনকৈ দিনযোৰা কেইবাখনো মিটিং সমাপ্ত কৰি অৱশেষত অফিচ কোঠাত প্ৰবেশ কৰিলো। বেৰৰ ঘড়ীটো লক্ষ্য কৰিলো সন্ধ্যাৰ ৫। ৰাতিপুৱা চাইলেণ্ট কৰি থোৱা ফোনটোত চকু দি আচৰিত। ৫০ টা মিচ কল। মিচ কলবোৰ পৰীক্ষা কৰাৰ পূৰ্বে নিচি কোঠালৈ সোমাই আহি ক'লে

- দিনটো কত গলা তুমি?

তাইৰ প্ৰশ্নত আচৰিত হৈ তাই সুধিলো

- কিয় মোৰ চিডিউল তুমি ফিক্সড কৰা নাছিলা জানো?

- কৰিছিলো। কিন্তু ফোনটো ৰিচিভ নকৰিবা বুলি কোৱাটো নাছিলো।

- অ'। চাইলেণ্ট কৰি থৈছিলো। চাবলৈ সময় নাপালো। এইমাত্র দেখিলো। ৫০ টা মিচ কল।

মোক কথা শেষ কৰিবলৈ নিদি তাই কৈ উঠিল

- তোমাৰ নক্ষত্রা সাৰ পালে।

তাইৰ কথাষাৰ শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ যোৱা যেন অনুভৱ হ'ল। কি কম, কি কৰিম একো ভাবি নাপালো। বুকুখন আনন্দ বিষাদৰ উত্তেজনাৰে ভৰি বিষাই উঠিল। ক'ৰবাৰ পৰা শোক এটা আহি মোক আৱৰি ধৰিলে। মই প্ৰস্তত মূৰ্তি হৈ ঠাইতে যথৰ হৈ ৰ'লো।

কমেন্ট প্লিজ 🙏

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now