৪০

40 3 3
                                    

Follow me please🙏🙏

নক্ষত্রাৰ দৃষ্টিকোণ

উদয় চাৰে গাড়ী ৰখোৱাৰ লগে লগে মই  মোৰ চিট বেল্ট খুলি গাড়ীৰ দুৱাৰ ঠেল হস্পিটেলৰ ভিতৰলৈ দৌৰ দিলো। অলপ আগতে ফোনত চিচটাৰ মেৰিয়াই কি কৈছিল একো বুজি নাপালো। মাত্র তেওঁৰ কথাৰ সুৰৰ পৰা বুজিলো নিৰ্ভয়ৰ কিবা অসুবিধা হৈছে। আড়ৈ  বছৰতে মোৰ ল'ৰাটোৰ ইমান কষ্ট দেখি বুকু খন় বিষাই যায়। কিয় যে ঈশ্বৰে তাক শাস্তি দিছে! ভুল মইহে কৰিছিলো। নিৰ্ভয়ৰ চিন্তাত মই উদয় চাৰক ধন্যবাদ দিবলৈও পাহৰি থাকিলো। লগতে লৰালৰি কৰোঁতে দুৱাৰখনো বন্ধও নকৰিলো।

অৱস মগজু এটা লৈ একে দৌৰতে নিৰ্ভয়ৰ কেবিনট সোমালো। কেবিনত কাকো নেদেখি বুকুৰ বিষটো বাঢ়ি আহিব ধৰিলে। মই অজান আশংকাত কঁপিবলৈ ধৰিলো। একে উশাহতে মই নাৰ্চিং ষ্টেশন পালোহি। ষ্টেশনত অকলে বহি থকা টুটুমনি চিচটাৰলৈ চাই শিপ এটা গিলি  নিৰ্ভয়ৰ কথা সুধিবলৈ লওতেই তেওঁ ক'লে

- ওফঃ অবশেষত তুমি পালাহি? তাক পাৰ্কলৈ লৈ যোৱা হৈছে?

- পাৰ্কলৈ? পাৰ্কলৈ কিয়? চিচটাৰ মেৰিয়াই কি কৈছিল ফোনত? মই বুজি নাপালো।

- তাইক তোমাৰ ল'ৰাই কথা ক'বলৈ দিলেহে কিবা বুজি পালা হয়। সি তোমাক বিচাৰি ইমান আমনি কৰিছিল! গোটেই হস্পিটেল খনকে মূৰত তুলি থৈছিল। ভাগ্যে ফাতেমা পালেহি। চাজাদ আৰু ফাতেমাই তাক ফুচলাই পাৰ্কলৈ উলিয়াই নিলতহে ।

- ধন্যবাদ চিচটাৰ টুটুমনি। মই

-  ঠিক আছে। কোনো কথা নাই। ফৰমেলিটি কৰি থাকিব নালাগে।  যোৱা সোনকালে নিৰ্ভয়ৰ ওচৰলৈ।

মই মোৰ কথা সমাপ্ত কৰাৰ আগতেই মই কব বিচৰা কথা তেওঁ বুজিব পৰাৰ দৰে গহীনক উত্তৰটো দিলে। মই এটাক্ষণো ৰৈ নাথাকি নিৰ্ভয়ৰ কাষলৈ পাৰ্কলৈ দৌৰ দিলো। পাৰ্কট ফাতেমা আৰু চাজাদৰ লগত নিৰ্ভয়ে হাঁহি হাঁহি খেলি থকা দেখি মনটো জুৰ পৰি গ'ল। ইমান সময়ে ভয়, সংকা, চিন্তা, দুধপৰ-মুধুৰ অৱস্থাৰ বাবে নিজকে পাহৰি আছিলো। নিৰ্ভয়ৰ হাঁহি থকা মখখন দেখি লগে লগে মনৰ সকলো দ্বিধা আঁতৰি গ'ল কিন্তু হঠাৎ ক'ৰবাৰ পৰা একেলগে এজাক ভাগৰ আহি মোক আৱৰি ধৰিলে। মই ভৰিত থিয় হৈ থাকিব নোৱাৰি আঁঠোত বহি পৰিলো। নিৰ্ভয়ে মোক দেখি মোৰ ফালে দৌৰি আহি সাবতি ধৰিলে। মই তাৰ গালে মূৰে চুমা আঁকি থাকি ভাগৰ খেদিলো। এনেতে চিনাকি খোজৰ শব্দ এটা মোৰ কাণৰ কাষত শুনিবলৈ পালো। সন্মুখৰ ফাতেমা আৰু চাজাদৰ স্থবিৰ ৰূপ দেখি মোৰ মন আতংকিত হৈ পৰিল। সংকিত নয়নেৰে লাহে লাহে চকু তুলি আগন্তুকক লক্ষ্য কৰিলো।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now