91 8 2
                                    

Hello wattpaders

Love u. Thanks for coming inside.

"প্ৰতিবিম্ব সময়ৰ" সন্মুখৰ ডাঙৰ ঘড়ীটোৱে ৰাতিপুৱা ৮ বজাৰ সংকেত দিয়াৰ লগে লগে এখন গাড়ী মূল দুৱাৰৰ মুখত ৰয়হি। দুৱাৰ মুখত থিয় হৈ থকা চোট পৰিধান কৰা কেইজনমান ব্যক্তি সন্তপৰ্ণ হৈ পৰে। তাৰে এজনে গাড়ীৰ দুৱাৰ খোলাত সহায় কৰি দিয়ে। গাড়ীৰ পৰা উদয়ে মাতিত ভৰি নমাই। সি তাৰ এখন হাতেৰে কোটৰ বুটাম ঠিক কৰি ওপৰলৈ মূৰ তুলি অফিচৰ নাম ফলকখনলৈ এবাৰ চাই। "প্ৰতিবিম্ব সময়ৰ"। সেইখন কিয় চালে! চাই কি অনুভৱ কৰিছে! সেই কথা তাৰ চকু বা অন্য একোতে বুজিব নোৱাৰি। তাৰ পাচত সি এটা উশাহ টানি কান্ধ দুটা ফ্লেক্স কৰি খৰ খোজেৰে ভিতৰলৈ সোমায় যায়। তাৰ পিছে পিছে ৰৈ থকা ব্যক্তিসকলে প্ৰায় দৌৰ দিয়ে। সি গৈ তাৰ অফিচ কোঠাত সোমাই কোটটো খুলি ষ্টেণ্ডত থৈ নিজৰ চকীত বহা মাত্ৰকে নিচি সোমায় আহি কয়

-Good Morning Sir

-Good Morning নিচি৷

-চাৰ কফি বনোৱা আৰু অফিচ চাফা কৰাৰ বাবে এজনী ছোৱালী এপইণ্ট কৰা হ'ল।

-OK. আজিৰ চিডিউল কি?

-৯.৩০ বজাত বৰ্ড মিটিং। ১০.২০ বজাত হোটেল গ্ৰীণলেণ্ডত আপোনাৰ নতুন ক্লাইণ্ট এজনৰ লগত ব্ৰেকফাষ্ট মিট্। তাৰ পাচত ............

নিচিয়ে দিনটোৰ ৰুটিনখন উদয়ৰ আগত কৈ উঠি প্ৰতিটো কামৰ ৰিলেটেড ফাইলবোৰ আগবঢ়াই দিয়ে। উদয়ে এটা এটা কৈ চকু ফুৰাই যায়। এনেতে হাতত কফি একাপ লৈ ছোৱালী এজনী চুচুক্‌ চামাক কৈ সোমায় আহে। উদয়ৰ টেবুলত কফিৰ কাপটো থয়৷ উদয়ৰ আদেশ বাবে কাষতে থিয় হৈ আশা ভৰা চকুৰে উদয়লৈ চাই ৰৈ থাকে ছোৱালীজনী। উদয়ে কফিত চুমুক দি কাপটো পুনৰ আগৰ স্থানত থৈ লাহেকে কাপ-প্লেটযোৰ হাতেৰে চাইদ কৰি আঁতৰাই থৈ নিচিলৈ চায়। ছোৱালীজনীৰ লগতে নিচিয়েও প্ৰশ্নবোধক চাৱনিৰে উদয়লৈ চাই ৰয়। উদয়ে ঘড়ীটোলৈ চাই চকু নিচিলৈ নি কয়

-সময় ৮.৩০। মোৰ টেবুলত কফি কিমান সময়ত থ'বলৈ কৈছিলা

-চাৰ। ৮.১৫ত

- হিচাপ ক্লিয়াৰ কৰি তাইক যাব দিয়া।

- মানে?

উদয়ে নিচিলৈ অৰ্থহীন প্ৰশ্ন কিয় সুধিব লাগে চাৱনিৰে চাই পুনৰ নিজৰ কামত ব্যস্ত হৈ যায়৷ ছোৱালীজনী উদয়ৰ কথাত স্তম্ভিত হৈ ৰ'ল। তাই কি ক'ব বা কি ক'লে ভাল হ'ব, তাইৰ কি ভুল হ'ল একো বুজি নাপায় নিচিলৈ ভেবালাগি চাই ৰ'ল। নিচিয়ে উদয়ৰ আদেশ মানি মূৰ জোকাৰি উদয়ৰ কোঠাৰ বাহিৰ ওলাল। ছোৱালীজনীয়ে উদয়লৈ কৰুণ চাৱনিৰে চাই চাই এখোজ দুখোজকৈ নিচিৰ পাচে পাচে উদয় ৰুমৰ বাহিৰ ওলাই। উদয়ৰ ৰূপ দেখি তাই অপৰাধ কি সোধাৰ ধৃষ্টতা তাইৰ নহ'ল৷ মাত মতাৰ সাহসকণো হেৰুৱাই পেলালে ছোৱালীজনীয়ে।

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now