Thanks. Happy reading😊
নক্ষত্ৰাৰ দৃষ্টিকোণ
আজি মোৰ হেকটিক। কফি চপ মই ৭ বজাতেই পাবগৈ লাগিব৷ তেতিয়াহে সকলো মিলাব পাৰিম। বাথৰুমৰ পৰা ওলাই ঘড়ীটোলৈ চালো। পুৱাৰ ৬ বাজিবৰে হ’ল। মই লৰালৰিকৈ ঘৰৰ কামবোৰ কৰিবলৈ ধৰিলো। ঘৰ সৰা-মুচা শেষ কৰি পাকঘৰত ভৰি দিওতে ৬.২০ হ’ল। তিনিজনৰ বাবে সোনকালে তৈয়াৰ হোৱাকৈ কি খাদ্য বনাও এক্ষণতেক চিন্তা কৰিলো৷ সোনকালে হ’বৰ বাবে খিচিৰিকে তৈয়াৰ কৰিবলৈ ল'লো। লৰালৰিকৈ চাউল- দাল ধূই চবজি কাটি শেষ কৰিলো৷ তেনেতে ফাটেমা আহি মোক পাচ ফালৰ পৰা সাৱতি ধৰি ক’লে
-Good morning সৰু বা৷ কি বনালা? শুনা আজি মোক ভাল টিফিন লাগিব দেই।
-টিফিন! মম৷ টিফিনৰ বাবে মই কেক কিনি দিম হ'ব? লগতে পকা ক’ল আৰু আপেল ধুনীয়াকৈ কাটি দিম।
-হ’ব।
-তুমি এতিয়া যোৱা মুখ ধুই আহা। মই গাখীৰ গৰম কৰোঁ।
তাইক বাথৰুমৰ ফালে পঠিয়াই ঘড়ীলৈ চালো ৬.২৫। মই হাতৰ কামবোৰ আৰু খৰ কৰিবলৈ ধৰিলো। ফাটেমাই মুখ ধুই আহে মানে মই খিচিৰি গেছত তুলি দিলো। তাইৰ টিফিত তৈয়াৰ কৰিলো। তাইৰ গাখীৰ গেছৰ পৰা নমাই গিলাচত বাকী থ’লো। তাই আহি বিস্কুটৰ লগত গাখীৰ গিলাচ খালে। মইও একাপ চাহ কৰি তাইক যুগ দিলো। এনেতে চাহেদা বা উঠি আহিল। তাই মুখ নুধুৱাকৈ মোলৈ বুলি বাকী থোৱা চাহ কাপ পি পেলালে। মোৰ ইতিমধ্যেই দেৰি হৈছে সেয়ে নিজলৈ আৰু নবনালো। মই কফি চপলৈ তৈয়াৰ হ’বৰ উদ্দেশ্যে ৰুমত সোমালো।
আমাৰ ঘৰৰ পৰা কফি চপৰ দূৰত্ব প্ৰায় বিশ মিনিট। সেয়ে লৰালৰি কৰিলোঁ৷ কিয়নো আজি পুৱা ৯ বজাত "প্ৰতিবিম্ব সময়ৰ" চেনেলটোৰ এম ডিক লগ ধৰিবলৈ যাব লাগিব। আমাৰ কলেজত অনুষ্ঠিত হ’ব লগা "নেচনেল প্ৰেচ ডে" ৰ উপলক্ষে তেখেতক ফোন যুগে নিমন্ত্ৰণ জনোৱা হৈছিল৷ কিন্তু তেখেতে নাকচ কৰি দিলে৷ ফোনত নিমন্ত্ৰণ দিয়াৰ বাবে চাগৈ নাকচ কৰিলে৷ সেয়ে আমি কেইজনমানে কলেজৰ হৈ তেখেতক সশৰীৰে আমন্ত্ৰণ কৰিবলৈ যাব লাগিব আজি৷ যিমান পাৰি তেখেতক আহিবলৈ বাধ্য কৰাব লাগিব৷ লগতে কলেজৰ উন্নতিৰ বাবে তেখেতৰ চেনেলৰ ফালৰপৰা দান দক্ষিণাৰ কিবা এমাউণ্ট এটাও ল’ব লাগিব৷
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...