২৪

42 3 0
                                    

Please follow me🙏

উদয়ৰ দৃষ্টিকোণ

একেবাৰে শেষৰ কেণ্ডিডেট গৰাকী ৰুমৰ বাহিৰ হোৱাৰ পাচত প্লাৱনে হাত দুখন বিস্তাৰিত ভাৱে মেলি ভাগৰ পলোৱাৰ এটা চেষ্টা কৰি লাহেকে থিয় হ'ল। থিয় হৈ মূৰটো বাওঁ-সোঁ কৰি দুবাৰমান ফুটালে তাৰপাচত ককাঁলটো ফুটাই সি মোলৈ চাই হাঁহি এটা ওঁঠলৈ আনি ক'লে

-দাদা মই ১০ মিনিটৰ ব্ৰেক এটা লৈ আহো

মই সন্মতিৰে মূৰ দুপিওৱাৰ পাচত সি ৰুমৰ পৰা ওলাই গ'ল। প্লাৱন ওলাই যোৱাৰ পাচত কন্ফাৰেঞ্চ ৰুমটো সম্পূৰ্ণ নিষ্টব্ধ হৈ পৰিল। কেৱল মই আৰু অচিম ৰৈ গ'লো। মোৰ পৰা এখন চকীৰ আঁতৰত বহি থকা অচিমে যে এই সময়চোৱাত মোকেই নিৰিক্ষণ কৰি আছে মই তালৈ নোচোৱাকৈ বুজি পাইছো। অচিমে লাহেকে তাৰ ঠাই পৰা উঠি আহি মোৰ কাষৰ চকীখনত বহিলে। সি মোৰ হুইল চেয়াৰখনৰ হেণ্ডেলডালত ধৰি মোক তাৰ ফালে ঘূৰাই লৈ মোৰ চকুলৈ কিছু পৰ চাই ৰ'ল। মই তাৰ প্ৰশ্নবোধক দৃষ্টিত কি আছে ধৰিব পাৰিছো। কিন্তু সেই প্ৰশ্নৰ উত্তৰ মোৰো মগজুত নাই। সি লাহেকে মোক প্ৰশ্নবোধক সুৰত মাতিলে

-উদয়

মই চকীৰ হেণ্ডেলত হাতখন থৈ হাতৰ মুঠিত ঠুতৰি লগাই চিন্তা কৰি থকা ভঙ্গিৰে তাৰ প্ৰশ্নক অৱজ্ঞা কৰিবলৈ চেষ্টা কৰি থাকোতেই সি পুনৰ ক'লে

-কি কৰিছা এইবোৰ! কাক বিচাৰি আছা?

মই তাক কি উত্তৰ দিম বুজিব পৰা নাই। সচাঁকৈ এই প্ৰশ্নৰ কোনো উত্তৰ মোৰ ওঁঠত নাই। বহু সময় মোৰ চকুলৈ চাই কোনো সমাধান নাপায় সি পুনৰ সুধিলে

-বাৰ গাৰ্লক বিচাৰিছা নে আচলক বিচাৰিছা? মোৰ পৰা লুকুৱাই লাভ নাই। তুমি ভালদৰেই জানা

মই তাৰ চকুলৈ চালো। দীঘল নিশ্বাস এটা এৰি চকীখনত হেলনীয়াকৈ বহি ল'লো। লাহেকে তাৰ চকুৰ পৰা চকু আঁতৰাই শূণ্যত চকু থৈ ক'লো

-বাৰ গাৰ্লক লগ পোৱাৰ আশা কেতিয়াৱাই এৰিলো।

নিজকে সত্য প্ৰতিপন্ন কৰিবলৈ দীঘল উশাহ এটা টানি পুনৰ ক'লো

- আৰু আচল! She is a kid.

-Kid !

-তাই মাত্ৰ ২১ বছৰীয়া

উদয়াচল - তাইক লক্ষ্য কৰাই নহ'লWhere stories live. Discover now