Please follow me🙏🙏🙏
নক্ষত্রাৰ দৃষ্টিকোণ
উদয়চাৰৰ ফোনটোৱে মোৰ বুকু কঁপাই তুলিলে। মোৰ অৱস্থা দেখি চাজাদে তাৰ হাতৰ মাজত মোৰ সোঁ হাতখন সোমোৱাই মোৰ চকুলো চালে। তাৰ এখন হাতৰ মুঠিত মোৰ হাতখন বান্ধি আনখন হাতেৰে লাহে লাহে চাপৰি বজাই থাকি মোক সাহস দিব যত্ন কৰিলে। মই এবাৰ নিৰ্ভয়লৈ চালো। সি নিদ্রা ক্লিষ্ট। লাহে লাহে মোৰ চকু ফাতেমাৰ ওপৰত থ'লো। তাই হাঁহি সামৰি সংকিত নয়নেৰে মোলৈ চাই আছে। চাহেদাবায়ে টেবুলৰ খোৰাটোত গুৰ এটা মাৰি বহি থকা চকীখনেৰে সৈতে নিজকে পিছলৈ ঠেলি দি ভৰি দুখন বিচনাৰ ঠেংনামনিত তুলি লৈ চকু কেইটা হাতৰ মোৱাইলটোত নিবন্ধ কৰি ক'লে
- বোলাবা আহিলেই নেকি? যা যা। আজি মা পালেহি। মই অলপ পাচত ঘৰলৈ গুচি যাম। ফাতেমাক থৈ যাম নিৰ্ভয়ৰ ওচৰত। তই সোনকালে আহিবি। চাজাদ তুমি মোক ঘৰত থোৱাৰ পাচত ইয়ালৈ আহিবানে যাবাগৈ?
শেষৰ কথাখিনিত তাই চকু তুলি চাজাদ লৈ চালে। চাজাদে চকুযুৰ টিপিয়াই কিবা এটা চিন্তা কৰি ক'লে
- মোৰ মিটিং এখন আছে। তোমাক থৈ সেইখন এটেন্ড কৰি ফাতেমাক নিবলৈ পুনৰ আহি যাম। তুমি অলপ বহা মই প্রথমে নাজক আগবঢ়াই আহো।
চাজাদে চাহেদাবাৰ উত্তৰটো দি মোলৈ চাই থিয় হৈ পকেটত গাড়ীৰ চাবিটো পৰীক্ষা কৰিলে। মই উদ্বিগ্নতাৰে চাজাদলৈ চাই ক'লো
- নালাগে নালাগে আপুনি ইমান কষ্ট কৰিবলৈ। মই পাৰিম। আপুনি
- তোমাক সুধিছো?
গহীন সুৰত তেওঁ কৰা প্ৰশ্নত মই নিৰুত্তৰ হৈ ৰ'লো। তেখেতে দুৱাৰৰ ফালে খোজ দিয়া দেখি মইও যাবৰ বাবে থিয় হৈ ফাতেমা লৈ চাই সুধিলে
- তোমাৰ আমনি লাগিব নেকি?
- এটেণ্ডেন্টৰ আমনি লাগেই। এইখন হস্পিটাল হে। এন্টাৰটেইনমেন্টৰ ঠাই নহয় নহয়।
- ডাঙৰবা কিজে তুমি? সৰুবা তুমি চিন্তা নকৰিবা। মই কিতাপ লৈ আহিছো। আমনি নালাগে। তাতে নিৰ্ভয় সাৰ পালে তাৰ লগত সময় এনেই পাৰ হৈ যাব। তুমি সোনকালে কামখিনি কৰি আহাগৈ যোৱা।
YOU ARE READING
উদয়াচল - তাইক লক্ষ্য কৰাই নহ'ল
FanfictionWell established publisher Uday Saikia. His heart is broken by untold love . It made him rude and harsh. He would take a long 3 years to overcome from his 1st love Ziya. This strory is begins when Successful business man meet Nakshatra, a shy, nerd...